30/07/2026
মনবোৰ ভাৰাক্ৰান্ত, বহু আপোন মানুহ হেৰুৱালো এই এটা মাহতেই। ভাষা নাই , চৌদিশে হাহাকাৰ আৰ্তনাদ কি কৰো কলৈ যাও লাগিছে । বৰ্তমানৰ সময় বৰ দুখ লগা । তাৰ মাজতে নিজৰ কামবোৰো কৰি যাব লাগিব । বহুতে গৰমৰ বন্ধটো বাচি লয় নিজৰ ব্যক্তিগত কামবোৰ কৰি যাবলৈ । আৰ্তজনৰ ওচৰত নিজে থিয় হবগৈ পৰা নাই , কেইবাটাও ব্যক্তিগত অনুস্হান সংস্হাৰ কৰ্মকৰ্তা সকললৈ পাৰ্যমানে যি পাৰিছো কৰিছো । এই দোয্যোগৰ সময়ত সকলোৰে অলপ সহায়ো অলপ হলেও কামত আহিব । মাউখে উতিলে গুৰি পৰুৱাৰো মৰণ নাই । আৰ্তজনৰ মুখত হাহী বিৰিঙিৱাবলৈ সক্ষম হ’ব । যি খিনি হেৰুৱালো সেইয়া কেতিয়াও পূৰণ ন’হব , আমি জানো আমি বহুত পিচ পৰি গলো । এইখিনি সময়ত সহায়ৰ হাত আগবঢ়োৱা প্ৰতিজন নাগৰিকক কৰযোৰে প্ৰণিপাত কৰিছো । আমাৰ নতুন প্ৰজন্মই যি খিনি কাম কৰি গৈ আছে দেখি ভাল লাগিছে । আজিৰ দেশৰ প্ৰতিগৰাকী নাগৰিকে দেখুৱাই দিছে “মানুহ মানুহৰ বাবে “ মানবতাতকৈ ওপৰত আৰু একোৱেই নাই। আজিৰ প্ৰজন্মই যি বিৰল নিদৰ্শন দেখুৱাইছে এইয়�